লীলাবাৰী আৰক্ষী চকীৰ পৰা পলায়ন অভিযুক্ত

 08/18/2019 - 14:25

লখিমপুৰঃ শনিবাৰে গধূলি লখিমপুৰ জিলাৰ লীলাবাৰী আৰক্ষী চকীৰ পৰা পলায়ন কৰিলে আৰক্ষীয়ে আটক কৰি অনা এজন অভিযুক্ত। তাকে লৈ সৃষ্টি হ’ল লীলাবাৰী আৰক্ষী চকীত এক হুলস্থুলীয়া পৰিস্থিতিৰ। একাংশ লোকে ঘেৰাও কৰে লীলাবাৰী আৰক্ষী চকী।

স্থানীয় ৰঙাজানৰ পৰা শনিবাৰে পুৱা লীলাবাৰী আৰক্ষীয়ে আটক কৰি আনিছিল জাভেদ আলি আৰু আবুল হুচেইন নামৰ দুই অভিযুক্তক। কিন্তু আৰক্ষী চকীৰ পৰাই ৰহস্যজনকভাবে পলায়ন কৰে মূল অভিযুক্ত আবুল হুচেইন নামৰ লোক জনে।

তাকে লৈ স্থানীয় ৰঙাজানৰ একাংশ লোকে আৰক্ষী চকীটো ঘেৰাও কৰি দাবী তোলে যে পলায়ন কৰা অভিযুক্ত আবুল হুচেইনক পুনৰ কৰায়ত্ব কৰিবৰ বাবে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।