বিশ্বনাথত বিভিন্ন দল-সংগঠনৰ সৈতে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ সংবাদ মেল

 08/18/2019 - 14:48

বিহালীঃ মন্ত্ৰী ৰঞ্জিত দত্তই কেন্দ্ৰীয় সংখ্যালঘূ আবাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ পিছতে লাগিল কেনা। বিশ্বনাথত সংখ্যালঘূ সংগ্ৰাম পৰিষদ, নেমছু, জমিয়ত ওলেমাকে ধৰি বিভিন্ন সংখ্যালঘূ দল সংগঠনৰ লগতে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ যৌথ সংবাদ মেল।

সংখ্যালঘূ অধ্যুষিত অঞ্চলত স্থাপন নকৰাত জাঙুৰ খাই উঠিছে প্ৰাক্তন মন্ত্ৰী গৰাকীৰ লগতে দল সংগঠনো। যিহেতু কেন্দ্ৰীয় চৰকাৰে আবণ্টন কৰা আঁচনিখন সংখ্যালঘূ ছাত্ৰ ছাত্ৰীৰ বাবে দিছিল যদিও বিশ্বনাথৰ বিধায়ক তথা ৰাজ্যৰ সংখ্যালঘূ উন্নয়ন মন্ত্ৰী ৰঞ্জিত দত্তই ষড়যন্ত্ৰমূলক ভাৱে মাজুলিগড় চাহ বাগিছাত বিদালয়খনৰ আধাৰশিলা স্থাপন কৰাত ক্ষোভিত হৈ পৰিছে প্ৰাক্তন মন্ত্ৰী নুৰজামাল।

বিদ্যালয় খন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩০ কি:মি: নিলগত স্থাপন কৰা হৈছে। য’ত নাই কোনো যোগাযোগৰ সুবিধা লগতে ছাত্ৰীৰ বাবে মুঠেই সুৰক্ষিত নহয় ঠাইডোখৰ।

নুৰজামাল সৰকাৰে সংবাদ মেলত জানিবলৈ দিয়ে যে বিশ্বনাথ চাৰিআলি টাউনৰ ওচৰে পাজৰে এতিয়াও বহুত চৰকাৰী মাটি আছে কিন্তু ৰঞ্জিত দত্তই কি কাৰণত ৩০ কি.মি. নিলগত এই আৱাসিক বিদ্যালয় খনৰ আধাৰশিলা স্থাপন কৰিলে? এইয়া এতিয়া এক কোটি টকীয়া প্ৰশ্ন?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।