মানকাচৰৰ পুখুৰীসদৃশ গড়কাপ্টানি পথৰ মেৰামতি কৰিলে আৰক্ষীয়ে

 08/18/2019 - 15:02

মানকাচৰঃ হাটশিঙিমাৰী মানকাচৰ একমাত্ৰ গড়কাপ্টানি পথটো হৈ পৰিছে পুখুৰীসদৃশ। স্থানীয় বিধায়ক তথা গড়কাপ্টানি বিভাগৰ পৰাও মানকাচৰৰ কোনো পথৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। সদায় অৱহেলিত হৈ অহা মানকাচৰ এই পুখুৰীসদৃশ পথৰ পৰা পানী নিষ্কাষণ কৰি ৰাইজে যাতায়াতৰ বাবে ব্যৱস্থা কৰিলে আৰক্ষীয়ে।

মানকাচৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাস নিজে এইদৰে নিজৰ ধন খৰচ কৰি ৰাইজৰ সুবিধাৰ বাবে শ্ৰমিক খটুৱাই পথ মেৰামতি কৰি নিদৰ্শন দেখুৱালে। আৰক্ষীয়ে পথ মেৰামতি কৰাক লৈ ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।