প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক

 08/18/2019 - 15:13

গহপুৰঃ গৰমৰ পৰা পৰিত্ৰান পাবলৈ বিভিন্নজনে বিভিন্নপন্থা অৱলম্বন কৰিছে। উৎকত গৰমৰ পৰা ৰক্ষা পাবলৈ গহপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা বহুলোকে ঢাপলি মেলিছে অৰুনাচললৈ। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ইটানগৰ সংযোগী ৪১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গহপুৰ নগৰৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ নিলগত অৰুনাচলৰ পাপুমপাৰা জিলাৰ হোলেঙীৰ সুউচ্চ পাহাৰৰ ছাঁ আৰু কুলু-কুলু শব্দৰে বৈ থকা নদীৰ কাষত অলপ জিৰণি লৈ দুৰ কৰেহি অৱসাদ। হোলেঙী অঞ্চলৰ পাহাৰৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰাৰ লগতে পাহাৰেদি বৈ অহা শীতল পানীত মুখ-হাত ধুই প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পোৱাৰ প্ৰচেষ্টা চলাই গহপুৰৰ লগতে পাপুমপাৰে জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে। ৪১৫নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষতে থকা হোলেঙী অঞ্চলৰ বিভিন্ন মহোমহা স্থানৰ প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰি পাহাৰৰ শীতল বাতাবৰণৰ মাজত জিৰাই নিজৰ মন-প্ৰাণ পুলকিত কৰিবলৈ দৈনিক এনেদৰে বহু লোকৰ সমাগম ঘটে অঞ্চলটোত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।