তীৰ্থ নগৰী হাজোত সম্প্ৰীতিৰ নিদৰ্শন

 08/18/2019 - 15:16

হাজোঃ তীৰ্থ নগৰী হাজোত ঈদ মেহফিল অনুষ্ঠানৰ মঞ্চৰ শুভাৰম্ভনি হল আয়তীৰ নাম প্ৰসংগৰে। মন্দিৰ চৌহদত অনুষ্ঠিত হল ঈদ মেহফিলৰ অনুস্থান। এয়া হাজোৰ গৰমচুং গাঁওৰ দুৰ্গা মন্দিৰ এই মন্দিৰ চৌহদত অনুষ্ঠিত হৈছে ঈদ মেহফিলৰ বিশেষ সাংস্কৃতিক অনুষ্ঠান। আৰু ঈদৰ এই সাংস্কৃতিক অনুষ্ঠানৰ সংস্কৃতিক সন্ধিয়াৰ শুভাৰম্ভনি অনুষ্ঠান অনুষ্ঠিত হল আয়টিৰ নাম প্ৰসংগৰে। সাধাৰণতে দেখা নোপোৱা এনে দৃশ্যৰ সাক্ষী হল হাজোবাসী।-কাৰণ হাজোৰ ৰাইজে সদায় বিলাই আহিছে সম্প্ৰীতিৰ বাণী। হাজোবাসীয়ে এনেদৰে একতাৰ বাণীৰে সদায় বিশ্ব বাসীক দেখুওৱাই আহিছে নিদৰ্শন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।