মৰিয়নীত এজাক বৰষুণতে বুৰ গ’ল মৰিয়নীৰ বৃহৎ অঞ্চল

 08/18/2019 - 15:21

মৰিয়নীঃ মৰিয়নীত টীয়ক নৈৰ বাঢ়নী পানীৰ তাণ্ডৱ। পুৱতি নিশা অহা এজাক প্ৰৱল বৰষুনৰ পাছতে ফেনে ফুটুকাৰে বাঢ়ি আহে নদীখন। বাঢ়নী পানীয়ে হেমলাই কুলি গাঁও, হেমলাই গাঁও, মুড়া গাঁও গাখীৰ খোৱা, কুমলদৈয়া, লাহিং, চেলেংহাট হালোৱা পথাৰ, লেফেৰা অঞ্চলৰ শ শ লোকৰ ঘৰ কৃষি পথাৰ বুৰাই পেলাইছে। ধোদৰ আলিৰ ওপৰেদি বাগৰিছে পানী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।