আমগুৰি দিখৌমুখত ধুমুহাৰ তাণ্ডৱ

 08/18/2019 - 16:47

আমগুৰিঃ আজি আমগুৰি দিখৌমুখত ধুমুহাৰ তাণ্ডৱ৷ দহখনৰো অধিক গাঁৱৰ অৰ্দ্ধশতাধিক পৰিয়াল ক্ষতিগ্ৰস্থ হয় ধুমুহাৰ ফলত৷ ধুমুহাই বহু পৰিয়ালৰ টিনপাট উৰুৱাই নিয়াৰ লগতে গছ পৰি বহু গৃহ ভাঙি গৈছে। বৰ্তমান গৃহহীন বহু পৰিয়াল।

বিভিন্ন অঞ্চলৰ পথত বৃহৎ গছ পৰি যাতায়াত ব্যাহত হৈ আছে।বাতৰি যুগুতোৱা সময়লৈকে প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই দুৰ্যোগস্থলীত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।