মানৱতাক লজ্জানত কৰা এক ঘটনাঃ ৰাইজৰ প্ৰহাৰত যুৱকৰ মৃত্যু

 08/18/2019 - 17:37

কাকপথাৰঃ মানৱ সভ্যতাক লজ্জানত কৰা এক নৃশংস ঘটনা৷ শদিয়াৰ ইছলাম পুৰত ঘটিছে এক বৰ্বৰ ঘটনা৷ দুদিন পূৰ্বে দীপক বিশ্বকৰ্মা নামৰ এজন যুৱকক একাংশ বৰ্বৰ লোকে চোৰ সজাই মৰেল পুলিচগিৰিৰে নৃশংস আৰু বৰ্বৰভাৱে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ ফলত মৃত্যুক সাবটিব লগা হৈছে বুলি খবৰ পোবা গৈছে৷ মাতৃৰ সন্মুখতে বৰ্বৰভাৱে বান্ধি লৈ প্ৰহাৰ কৰে যু্ৱকজনক৷

ৰক্ষাৰ বাবে মৰণকাতৰ যন্ত্ৰণাৰ মাজতে চিঞৰি চিঞৰি মৃত্যুক সাৱতিব লগা হ’ল যুবকজনে৷ কিন্তু কোনো এজন আগবাঢ়ি নাহিল সহায়ৰ হেতু৷ ডিব্ৰুগড় AMCH ত মৃত্যু ঘটিছে দীপক বিশ্বকৰ্মা নামৰ যুৱকজনৰ৷ দোষীয়ে উচিত শাস্তি নোপোৱা পৰ্যন্ত মৃত যুৱকজনৰ মৃতদেহ দাহ নকৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে৷ এই সন্দৰ্ভত এজনক আটক কৰিছে আৰক্ষীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।