চেঙাৰ এখন দলং যমৰ যাতনা ভুগাইছে স্থানীয় ৰাইজক

 08/18/2019 - 17:43

পূৱ-বৰপেটাঃ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বাগোদী ভৈৰাগুৰি সংযোগী পথৰ মাজত থকা দলং এখনে যমৰ যাতনা ভুগাইছে স্থানীয় ৰাইজক৷ স্থানীয় ৰাইজে বিধায়ক তথা স্থানীয় গাঁও পঞ্চায়তৰ বিষয়াসকলক বাৰে বাৰে অনুৰোধ কৰি অহাৰ পাছতো দলংখনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে৷

যাৰ ফলত স্কুল-কলেজৰ লৰা ছোৱালী, ৰোগী তথা ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হৈছে৷ স্থানীয় ৰাইজে অনতিপলমে দলংখন নিৰ্মাণ কৰি দিবলৈ পৰিবৰ্তনশীল চৰকাৰখনক অনুৰোধ জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।