লামডিঙত ভাৰতীয় জনতা যুৱ মর্চাৰ সদস্য ভর্তি অভিযান

 08/18/2019 - 17:49

লামডিংঃ লামডিঙত ভাৰতীয় জনতা যুৱ মর্চা হোজাই জেলা সমিতিৰ উদ্যোগত তথা ভাৰতীয় জনতা যুৱ মর্চা লামডিং টাউন মণ্ডল সমিতিৰ সহযোগত আজি সংগঠন পর্ব সদস্য অভিযান ২০১৯ অন্তিম দিনত এই সংগঠন পর্ব অভিযান সম্পন্ন হয় লামডিং ঠাকুৰবাড়ি প্ৰাংগনত।

এই সদস্য ভর্তি অভিযানত উপস্থিত থাকে অসম ৰাজ্যিক উপসভাপতি চিন্ময় শর্মা, অসম ৰাজ্যক এক্সিকিউটিভ মেম্বাৰ কৌশিক পাল দাস তথা যুৱ মর্চাৰ জেলা সভাপতি বিনয় কলিতা, যুৱ মর্চাৰ লামডিঙৰ সভাপতি দিবাকৰ নাগ। লামডিঙৰ বিধায়ক শিবু মিশ্র উপস্থিত থাকি তেওঁৰ তত্ত্বাৱধানত এই সদস্য ভর্তি অভিযান সম্পূর্ণ হয়। এক হাজাৰৰ অধিক পুৰুষ-মহিলা এই সদস্য ভর্তি অভিযানত অংশগ্রহণ কৰা পৰিলক্ষিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।