আগম মিগাং টাবুৰাম টাইদক জন্মস্থানত শ্ৰদ্ধাঞ্জলি

 08/18/2019 - 18:10

ঢকুৱাখনাঃ "আগম মিগাং" তথা বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক-টাবুৰাম টাইদক জন্মস্থান ঘূনাসুঁতি হাইস্কুলৰ খেলপথাৰত শোকসভাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পুৱা-১১ বজাত গুৱাহাটীৰ পৰা পোনে পোনে বিমানযোগে ঘূনাসুঁতি হাইস্কুলৰ খেলপথাৰত অৱতৰণ কৰাৰ পিছতে প্ৰয়াত টাইদৰ নশ্বৰ দেহ সাঙীত তুলি তেওঁৰ পুত্ৰ মুখ্য টাইড, ভতিজা চন্দন টাইদ, জিলা উপায়ুক্ত ড০ জীৱন বিয়ে আনি শ্ৰদ্ধাঞ্জলিৰ বেদীত থয়হি।

ইয়াৰ পিছতেই আনুষ্ঠানিকভাৱে লখিমপুৰ জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত ড০ জীৱন বি, লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক-হৰেকৃষ্ণ নাথে ফুলৰ থোপাৰে শ্ৰদ্ধাঞ্জলি জনায়। ইফালে এম চিৰ কাৰ্যবাহী সদস্য বিজু পেগু, ঘূনাসুঁতি পঞ্চায়তৰ সভাপতি বিকানন্দ মিলি, কংগ্ৰেছ নেতা জয়প্ৰকাশ দাস, লখিমপুৰৰ বিশিষ্ট চিকিৎসক ডা: ডম্বৰুধৰ মিলি, সমাজকৰ্মী চন্দন টাইদ, প্ৰনিতা টাইদ, বৈদ্য কুমাৰ পাঞাং, কবি যোগেন টাইদকে ধৰি বহু বিশিষ্ট লোকৰ লগতে বিভিন্ন দল-সংগঠনৰ লোক আৰু শ শ গুনমুগ্ধই প্ৰয়াত টাবুৰাম টাইদৰ নশ্বৰ দেহত পুষ্পাঞ্জলিৰে শেষ শ্ৰদ্ধা জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।