হাউলীত বালি কঢ়িওৱা চালানবিহীন ট্ৰাক জব্দ

 08/18/2019 - 18:26

হাউলীঃ বৰপেটা জিলাৰ বৰপেটাৰোড বনাঞ্চলৰ অন্তৰ্গত হাউলী নগৰ এলেকাৰ ৰাস্তাত হাউলী আৰক্ষীয়ে আজি পুৱা তালাচী চলাই বালি ভৰ্তি এখন চালানবিহীন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে বেঁকী নদীত গঢ়ি উঠা শিল-বালি মহলৰ পৰা অবৈধভাবে AS 01G-7979 নম্বৰ ট্ৰাক এখনে বালি ভৰ্তি কৰি হাউলীত উপস্থিত হোৱাৰ লগে লগে হাউলী আৰক্ষীয়ে জব্দ কৰে। জব্দকৃত ট্ৰাকৰ ওপৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰপেটাৰোড বন বিভাগক গতাই দিয়ে বুলি হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।