অভয়াপুৰীত এতিয়াও পৰিত্যক্ত অৱস্থাত আছে সন্দেহজনক বাৰ্মিজ ছুপাৰি কঢ়িওৱা ৩ খন ট্ৰাক

 08/18/2019 - 18:58

অভয়াপুৰীঃ অভয়াপুৰীত এতিয়াও ৰহস্যজনকভাবে পৰিত্যক্ত অৱস্থাত আছে সন্দেহজনক বাৰ্মিজ ছুপাৰি কঢ়িওৱা তিনিখন ট্ৰাক। অভয়াপুৰী ২নং ৰাজ্যিক ঘাইপথৰ দেওহাটীৰ ৰিলায়েঞ্চ তেল ডিপোৰ চৌহদত ১৬ আগষ্টৰ পৰাই ৰখাই থোৱা এ এছ ১৯ চি ৯০৫০, এ এছ ১৯ চি ১১৭৪ আৰু এ এছ ১৯ এ চি ২৭৭৪ নম্বৰৰ ট্ৰাককেইখনত লাচিত সেনা, বজৰংগ দল, কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে বাৰ্মিজ ছুপাৰি কঢ়িওৱা বুলি সন্দেহ প্ৰকাশ কৰি প্ৰশাসনক অবগত কৰাৰ লগতে ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী কৰাৰ ৪৮ ঘণ্টা উকলি যোৱাৰ পিছতো এতিয়ালৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই প্ৰশাসনৰ কোনো বিষয়া।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।