মানকাচৰত যৌতুকৰ বাবে পত্নীক হত্যা

 08/18/2019 - 19:32

মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ঝাউডাংগা পূবেৰগাঁও নিবাসী নুৰনবীয়ে ঝাউডাংগা নিবাসী আব্দুল ছবুৰৰ কন্যা ফুল বেগমক ৬ মাহ পূৰ্বে পলুৱাই নি বিয়া কৰায়। বিয়াৰ পিছৰে পৰা স্বামী নুৰনবীয়ে ফুল বেগমৰ পৰা ৫০,০০০ টকা যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল।

জানিব পৰা মতে ফুল বেগমে যৌতুক দিব নোৱাৰাত যোৱা ১৫ আগষ্টত গোটেই ৰাতি ফুল বেগমক শাৰিৰীকভাৱে অত্যাচাৰ চলায় আৰু পুৱা ২.৩০ বজাত নুৰনবীয়ে প্ৰাণে মৰাৰ উদ্দেশ্যে ডিঙিত ওৰনা মেৰিয়াই টানি দিয়াত ফুল বেগম অজ্ঞান হয়। অজ্ঞান অৱস্থাত ফুল বেগমক মানকাচৰ সমূহীয়া চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰাত নুৰনবী চিকিৎসালয়তে মৃতদেহ থৈ পলায়ন কৰে।

উক্ত বিষয়ত মানকাচৰ আৰক্ষী চকীত এখন এজাহাৰ নং ৫০৩/২০১৯ ধাৰা নং ৩০৪ (B)/৩৪ গোচৰ ৰুজু কৰে। উক্ত ঘটনাৰ ফলত স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।