টেঙাখাতত অবৈধ মাৰণাস্ত্ৰসহ দুই যুৱকক আটক

 08/18/2019 - 19:50

টেঙাখাতঃ টেঙাখাত আৰক্ষীৰ থানাৰ অন্তৰ্গত ২নং টিংৰাই হোলা গাঁৱত যোৱা নিশা প্ৰায় টেঙাখাত আৰক্ষী থানাই গোপন সূত্ৰৰ পম খেদি আৰক্ষী আৰু সেনাবাহিনীৰ যৌথ অভিযানত অবৈধ মাৰণাস্ত্ৰসহ দুই যুৱকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱক দুজন ক্ৰমে লীলাকান্ত সোণোৱালৰ পুত্ৰ তৰুণ সোণোৱাল আৰু চোৰেছ মাঝীৰ পুত্ৰ পাপু মাঝী বুলি জানিব পৰা গৈছে।

ধৃত লোক দুজনৰ পৰা আৰক্ষীয়ে এটা পইণ্ট ২২ পিস্তলসহ তিনি জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জেৰাত ধৃত লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত জানিবলৈ দিয়া মতে গাঁওখনৰ ৰাজীৱ সোণোৱাল নামৰ এজন যুৱকে আটকাধীন তৰুণ সোণোৱালক মাৰণাস্ত্ৰটো দি গৈছিল যদিও পৰৱৰ্তী সময়ত তৰুণ সোণোৱালে উক্ত মাৰণাস্ত্ৰটো পাপু মাঝীক ৰাখিবলৈ দিয়ে।

এই কথা বিশেষ সুত্ৰে টেঙাখাত আৰক্ষীয়ে খবৰ পাই মাৰণাস্ত্ৰসহ দুই জনকে আটক কৰিবলৈ সক্ষম হয় যদিও ৰাজীৱ সোণোৱাল নামৰ লোকজন বৰ্তমান পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বৰ্তমান সময়ৰ লৈকে দুস্কৃতিকাৰী দলটোৱে কি কাৰণত মাৰণাস্ত্ৰ লৈ ৰাখিছিল বা ভৱিষ্যতে কোনো কূটাঘাটমূলক ঘটনাৰ পৰিকল্পনা কৰিছিল নেকি বা তেওঁলোক কোনো বিদ্ৰোহী সংগঠনৰ লগত জড়িত আছে নেকি সেই কথা এতিয়া লৈকে নিশ্চিত কৰিব পৰা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ভাৰতীয় দণ্ডবিধি আইন অধীনত টেঙাখাত আৰক্ষীয়ে ১০২/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি ১২০(B)/১২১/১২১(A) আৰু ২৫(i) (a) মাৰণাস্ত্ৰ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি দুয়োকে জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।