বৰবৰুৱা চাহবাগিচাত যুৱতীক হত্যাৰ প্ৰতিবাদত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

 08/18/2019 - 19:54

খোৱাংঃ বৰবৰুৱাত বাগানৰ নলাত শনিবাৰে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি আজি উত্তাল হৈ পৰে ডিব্ৰুগড় চহৰ। ডিব্ৰুগড় ৰাজীৱ ভৱনৰ সন্মুখত দলবদ্ধ ধৰ্ষণৰ বিৰোদ্ধে ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিতি আৰু জিলা যুৱ কংগ্ৰেছ কমিটীয়ে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আজি কিছুদিনৰ পৰা সমগ্ৰ অসমৰ লগতে মুখ্যমন্ত্ৰীৰ গৃহ জিলাত হত্যা আৰু ধৰ্ষণৰ দৰে জঘন্য ঘটনা বৃদ্ধি পোৱাৰ লগতে চৰকাৰখনে নাৰী সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি ক্ষোভিত হৈ পৰে  জিলা কংগ্ৰেছ কমিটী।

বেটী বচাও বেটী পঢ়াও শ্ল'গান দি থকা চৰকাৰখনে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কেৱল ফুলজাৰি মৰা কিছুমান আঁ‌চনি লৈ ৰাইজৰ সমৰ্থন আদায় কৰিবলৈহে চেষ্টা কৰিছে বুলি অভিযোগ তুলি জিলা কংগ্ৰেছে নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ দাবী জনায়। উল্লেখ্য যে শনিবাৰে বৰবৰুৱাৰ এখন বাগানৰ নলাত ৰেণুকা ৰাজোৱাৰ(১৮) নামৰ এগৰাকী যুৱতী মৃত অৱস্থাত উদ্ধাৰ হৈছিল। সন্দেহ কৰাৰ মতে কোনো লোকে যুৱতী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰি তেনেদৰে পেলাই গৈছিল। এটা দৰিদ্ৰ পৰিয়ালৰ পিতৃহাৰা যুৱতীগৰাকীক এনেদৰে হত্যা কৰাক লৈ সমগ্ৰ বৰবৰুৱা অঞ্চলতে আজিও এক চেপা উত্তেজনাই বিৰাজ কৰি আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।