খাৰুপেটীয়াত ঘোঁৰা দৌৰ প্ৰতিযোগিতা

 08/18/2019 - 20:05

দলগাঁওঃ প্ৰত্যেক বছৰৰ দৰে এইবাৰো খাৰুপেটীয়াত ঈদ উপলক্ষে আয়োজন কৰা হয় ঘোঁৰা দৌৰ প্ৰতিযোগিতা। দৰঙৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ২৩ গৰাকী অশ্বাৰোহীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ঘোঁৰা দৌৰ প্ৰতিযোগিতা চাবলৈ জনসমুদ্ৰত পৰিণত হ’ল দৰঙৰ খাৰুপেটীয়া কলেজ সংলগ্ন ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্প খেল পথাৰ।

খেল প্ৰতিযোগিতা চলি থকাৰ মাজতে হঠাৎ প্ৰৱল বৰষুন অহাত ফাইনেল প্ৰতিযোগিতা স্থগিত ৰখা হয়। পুনৰ দিন বাৰ চাই ফাইনেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব বুলি উদ্যোক্তাই ঘোষণা কৰে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।