গোলাঘাটৰ আঠখেলীয়াত নদীত সমূহীয়াভাবে মাছ ধৰা কাৰ্যসূচী

 08/18/2019 - 20:24

গোলাঘাটঃ গ্ৰাম্য জীৱনৰ এখন বাস্তৱ ছবি। য’ত নাই কোনো কৃত্ৰিমতা। আছে কেৱল হাঁহি ফূৰ্তি আনন্দৰ মাদকতা। গোলাঘাটৰ আঠখেলীয়াত হাতে হাতে পল, জুলুকী লৈ ওলাই আহিছে একাংশ লোক। শাওনৰ পথাৰৰ ব্যস্ততা সামৰি এতিয়া আনন্দৰে এসাঁজ খোৱাৰ বতৰ। সেয়ে সকলো ওলাই আহিছে মাছ ধৰিবলৈ। সমূহীয়াভাবে নদীত মাছ ধৰিবলৈ আহিছে কেইবাখনো গাঁৱৰ ৰাইজ।

আনন্দ উল্লাসৰ মাজেৰে সকলোৱে ঘিলাধাৰী আৰু মক্ৰং নদীত ধৰিছে মাছ। ওলাইছে বৃহৎ বৃহৎ বৰালী। যিয়ে যেনেকৈ পাৰে সিমান ধৰিছে। সমূহীয়াভাবে এই মাছ ধৰা পৰম্পৰা আছে এই অঞ্চলসমূহত। সেয়ে সকলো এনেদৰে ওলাই আহিছে মাছ ধৰিবলৈ। গ্ৰাম্য জীৱনত চলি থকা এনে পৰম্পৰাই একত্ৰিত কৰি ৰাখিছে সকলোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।