পৱিত্ৰ ভাদ মাহৰ আৰম্ভণীত হৰি নামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা

 08/19/2019 - 12:37

বটদ্ৰৱাঃ অসমীয়া জাতীয় জীৱনৰ অতিকে পৱিত্ৰ ভাদ মাহৰ আজিৰে পৰা আৰম্ভ হ'ল। আজিৰ পৰা এটা মাহ বায়ণৰ খোলৰ চাপৰ, গায়ণৰ গীতৰ ৰাগ, হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ থাকিব ৰাজ্যৰ প্ৰতিটো নামঘৰ।

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাতো শাওন ভাদৰ সংক্ৰান্তিৰ দিনাৰ পৰা পৰম্পৰাগত ভাৱে ওঠৰ প্ৰসঙ্গৰে নাম প্ৰতিষ্ঠিত কৰি ৰখা হয়। পৱিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰা শেষৰ তাৰিখলৈ ভকত বৈষ্ণৱ, আই মাতৃয়ে হৰি নাম কীৰ্তনৰে মুখৰিত কৰি তুলিব বটদ্ৰৱাৰ আকাশ বতাহ।

বটদ্ৰৱা থানত সমগ্ৰ ভাদ মাহটোৰ ওৰে দিন আৰু নিশা ৯ মান বজালৈ খোল, তাল, গীত মাতৰ শব্দৰে ৰজন জনাই থাকে। পৱিত্ৰ ভাদ মাহ উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লক্ষাধিক ভকত বৈষ্ণৱ, আই মাতৃ সকলে বটদ্ৰৱাৰ আকাশ বতাহ মুখৰিত কৰি দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থানত ভাদ মাহ উপলক্ষে উখল মাখল পৰিবেশৰ সৃষ্টি কৰি নান্দনিক ভক্তি ৰসৰ সূচনা কৰে।

উল্লেখ্য যে পৱিত্ৰ বটদ্ৰৱা থানত প্ৰতিদিনে ১৪ প্ৰসংগ হয় যদিও ভাদ মাহটোত ১৮ প্ৰসংগ পৰিবেশন কৰা হয়। আন সময়ত অনুষ্ঠিত হোৱা চৈধ্য প্ৰসঙ্গৰ লগত ভাদ মাহত আৰু চাৰিটা প্ৰসংগ যোগ হৈ কাহিলীপুৱাৰ পৰা নিশা ৯ বজালৈ ওঠৰ প্ৰসংগ ধাৰাবাহিক ক্ৰম অনুসৰি অনুষ্ঠিত হয়।

বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ভাদ মাহৰ তিথি মহোৎসৱ শৃংখলা বদ্ধতাৰে অনুষ্ঠিত কৰা আৰু পবিত্ৰ মাহটোত বটদ্ৰবা থানত সমবেত হ'বলগীয়া অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবা লক্ষাধিক তীৰ্থযাত্ৰীক আদৰণী জনোৱাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

ভাদ মাহ উপলক্ষে বটদ্ৰবা থানত "কৃষ্ণ হৰি মোৰ বান্ধৱ " শীৰ্ষক নিৰক্ষৰী ঘোষাৰে পুৱা ,দুপৰীয়া আৰু নিশা নাম ডকা কাৰ্যসূচী চলে। পুৱা তাল কোবোৱা প্ৰসংগৰে আৰম্ভ হোৱাৰ পিছত পৰম্পৰাগত ঐতিহ্যক সাৰোগত কৰি নিশা প্ৰায় ৯ বজাত শেষ পাল গোৱা প্ৰসংগৰে দিনটোৰ কাৰ্যসূচীৰ অন্ত পৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।