হাইলাকান্দিত এআইইউডিএফৰ বিশাল ৰাজহুৱা সভা

 04/01/2019 - 21:09

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দলে নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে৷ সকলো ৰাজনৈতিক দলেই সভা অনুষ্ঠিত কৰি প্ৰচাৰ চলাইছে। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই এআইইউডিএফ দলো৷

আজি হাইলাকান্দিত এআইইউডিএফৰ এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ বিশাল জনসমুদ্ৰত পৰিণত সভাখনত দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলে আগন্তুক লোকসভা নিৰ্বাচনত এআইইউডিএফৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।