বৰপেটাত গাওঁৰক্ষী বাহিনীক সজুলি বিতৰণ

 08/19/2019 - 14:25

বৰপেটাঃ বৰপেটা সদৰ থানা এলেকাৰ গাওঁৰক্ষী বাহিনীক পহৰা সজুলি বিতৰণ অনুষ্ঠান বৰপেটা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভা গৃহত অনুষ্ঠিত হৈ যায়। সভাখনত পৌৰোহিত্য কৰে বৰপেটা সদৰ থানা এলেকাৰ গাওঁৰক্ষী বাহিনীৰ সভাপতি আব্দুৰ ৰশিদ আহমেদ আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চক্ৰ সংগঠক যোগেন দাসে। সভাত টৰ্চ বেটাৰী¸ ৰেইন কোৰ্ট¸ ছাতি¸ আঠুৱা¸ হুইচেল আদি বৰপেটা সদৰ থানা এলেকাৰ গাওঁৰক্ষী বাহিনীৰ মাজত বিতৰণ কৰে। গাম্ভীৰ্যপূৰ্ণ সভাখনত বৰপেটা জিলাৰ উপ-আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যয় নিজৰ বক্তব্যত ৩১ আগষ্টত এন আৰ চিৰ তালিকা প্ৰকাশ পাবলগীয়া সময়ত গাওঁৰক্ষী বাহিনীৰ সেচ্ছাসেৱক¸ সকলক বিশেষ ভূমিকা পালনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে।

দুষ্কৃতিকাৰী সকলে যাতে অসামাজিক কাৰ্যত লিপ্ত হব নোৱাৰে তাৰ প্ৰতি গুৰুত্ব দিয়াৰ ওপৰি গাওঁৰক্ষী বাহিনীৰ¸ সম্পাদক সকলক লৈ থানা ভিত্তিত Whatsapp গ্ৰুপ খোলাৰ পোষকতা কৰে। বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰানজিৎ দাসে গাওঁৰক্ষী বাহিনীৰ ভূমিকা সম্পৰ্কে বক্তব্য প্ৰদান কৰে। সভাত কপোহা গাওঁৰক্ষী বাহিনীৰ সম্পাদক চিৰাজ উদ্দিন¸ ভেল্লা গাওঁৰক্ষী বাহিনীৰ সম্পাদক ইউচুপ আহমেদ¸ বনবৰীয়া গাওঁৰক্ষী বাহিনীৰ সম্পাদক ছাহ জালাল ছাহে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।