মানকাচৰত অবৈধভাবে শিল কঢ়িওৱা ট্ৰাক আৰক্ষীয়ে এৰি দিয়াত প্ৰতিক্ৰিয়া

 08/19/2019 - 14:25

মানকাচৰঃ সোমবাৰে মানকাচৰ আৰক্ষীয়ে অবৈধভাবে শিল কঢ়িওৱা ট্ৰাক ৫খন জব্দ কৰি পিছত ৰহস্যজনকভাবে এৰি দিয়া ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। মানকাচৰ আৰক্ষী থানাৰ আৰক্ষীয়ে অবৈধভাবে শিল কঢ়িওয়া ট্ৰাক পাচঁখন জব্দ কৰি পিছত ৰহস্যজনক ভাবে এৰি দিয়া ঘটনাই আৰক্ষীৰ স্বৰূপ উদঙাইছে বুলি সচেতন মহলত প্ৰকাশ।

জানিব পৰা মতে, মেঘালয়ৰ গাৰো পাহাৰৰ পৰা চোৰাং ভাবে এদল চোৰাং ব্যৱসায়ীয়ে MH CP-03-2127, ML -08-C 2598, AS 24-C-2747, ML 08- B-3503, ML 08 -D 5468 নম্বৰৰ ট্ৰাকত শিল লৈ মানকাচৰৰ কাকৰি পাৰাত হৈ মহেন্দ্ৰগঞ্জ লৈ যোৱাৰ সময়ত অলপতে ট্ৰাক কেইখন মানকাচৰৰ থানাৰ অচিয়ে জব্দ কৰিছিল।

মানকাচৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া বিনোধ দাসে কাকৰিপাৰাত ট্ৰাকসমুহ জব্দ কৰি দুদিন ৰখাৰ পিছত মোটা অংকৰ ধনৰ বিনিময়ত অবৈধ শিল ভৰ্তি ট্ৰাক পাচঁখন এৰি দিয়ে। আৰক্ষীক উৎকোচ দিয়াৰ লগে লগে অবৈধ শিল ভৰ্তি ট্ৰাককেইখন কেনেকৈ বৈধ হৈ গ’ল।এইক্ষেত্ৰত আৰক্ষী বিভাগৰ উদ্ধৰ্তন কতৃৰ্পক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে সেয়া লক্ষণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।