অসমত অৰ্থহীন "সবকা সাথ সবকা বিকাশ" শ্লোগান-ঐক্যমঞ্চৰ

 08/19/2019 - 14:52

বৰপেটাঃ অসমত অৰ্থহীন "সবকা সাথ সবকা বিকাশ" শ্লোগান-এই অভিযোগ অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ৷ আজি বৰপেটাত এই অভিযোগ কৰে ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ছবেদ ভূঞাই৷ তেওঁ কয় যে, দেশৰ প্ৰধানমন্ত্ৰীয়ে "সবকা সাথ সবকা বিকাশ" ৰ কথা কৈ থকাৰ সময়তে ৰাজ্যত অব্যাহত আছে দৰমহাৰ মুখ নেদেখাকৈ শিক্ষকৰ কৰুণ মৃত্যুৰ ঘটনা৷

ৰাজ্য চৰকাৰে ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাত ভেন্সাৰ শিক্ষক কৰ্মচাৰীয়ে দুৰ্বিসহ জীৱন কটাবলৈ বাধ্য হোৱা বুলিও তেওঁ কয়৷ চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদত সমাগত শিক্ষক দিৱস বৰ্জন কৰি অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই নজিৰবিহীন কাৰ্যসূচী ঘোষণা কৰিব বুলি তেওঁ সদৰী কৰে। বৰপেটা চহৰৰ দিব্যাংগ সন্থাৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ সভাখনত ঐক্যমঞ্চৰ বৰপেটা জিলা সমিতিৰ সম্পাদক আমিৰুল ইছলাম, যুটীয়া সম্পাদক পুলেন্দ্ৰ দাসৰ লগতে ঐক্যমঞ্চৰ কেইবাগৰাকী নেতা আৰু ভালে সংখ্যক শিক্ষক উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।