অৱসৰপ্রাপ্ত বিষয়া-সমাজকর্মী হৰেন শইকীয়াৰ মৃত্যু

 08/19/2019 - 15:19

নগাঁওঃ নগাঁও জিলাৰ পাথৰি গায়ন গাঁওৰ নিবাসী, কেন্দ্ৰীয় গৃহ বিভাগৰ অনুসন্ধান ব্যুৰোৰ অৱসৰপ্রাপ্ত বিষয়া, সমাজকর্মী হৰেন শইকীয়া(৮৩)ৰ যোৱানিশা নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। বাৰ্ধক্য জনিত কাৰণত বিভিন্ন ৰোগত আক্রান্ত শইকীয়াক বিগত ডেৰমাহে নগাঁৱৰ উপৰি গুৱাহাটীত চিকিৎসা প্রদান কৰা হৈছিল। নগাঁৱৰ দেওধৰ বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলা হৰেন শইকীয়াই পৰৱৰ্তী সময়ত কেন্দ্রীয় গৃহ বিভাগৰ অনুসন্ধান ব্যুৰোত( এছ আই বি )ত যোগদান কৰে। অৰুণাচল, মেঘালয়, মিজোৰামকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰদেশৰ উপৰি অসমৰ বিভিন্ন স্থানত কৰ্মজীৱন অতিবাহিত কৰা শইকীয়াই বিভাগটোৰ এগৰাকী বিচক্ষণ বিষয়া হিচাপে সুনাম অৰ্জন কৰিছিল।

অৱসৰৰ পাচত বিভিন্ন সামাজিক কামকাজত জড়িত হোৱা শইকীয়া স্থানীয় দুখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আছিল। এসময়ত তেওঁ ভাৰতীয় জনতা পার্টিৰ প্ৰতি আকৃষ্ট হৈ নিজ অঞ্চলত বিজেপিৰ তৃণমূল পর্যায়ত সাংগঠনিক ভেটি শক্তিশালী কৰাত চেষ্টা চলাইছিল। 'আমাৰ অসম' কাকতৰ নগাঁৱৰ ষ্টাফ ৰিপৰ্টাৰ তথা লিখক শৈলেন শইকীয়াৰ পিতৃ হৰেন শইকীয়া এগৰাকী স্পষ্টবাদী আৰু নিৰ্ভীক ব্যক্তি হিচাপে সমাজত পৰিচিত আছিল। অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত শইকীয়াৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰে। প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্রী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই শইকীয়াৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, পাঁচ গৰাকী পুত্র সহ ভালেসংখ্যক আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।