ধূলা ৱেলফাৰ গ্রুপৰ প্ৰশংসনীয় পদক্ষেপ

 08/19/2019 - 15:37

খাৰুপেটিয়াঃ দৰং জিলাৰ জৱাহৰ নবোদয় বিদ্যালয়ত পঢ়িব বিচৰা শিক্ষাৰ্থীৰ বাবে সুখবৰ। ধূলা ওৱেলফাৰ গ্ৰুপে ব্যৱস্থা কৰিছে বিনামূলীয়া প্ৰশিক্ষণৰ। সেয়েহে প্ৰত্যেক বছৰৰ দৰে এইবেলিও জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ধূলা ৱেলফাৰ গ্রুপৰ উদ্যোগত বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰে জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ পি ৰাজেশে।

আনহাতে মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাৰ বাবেও বিনামূলীয়া শিক্ষা প্ৰদান কৰা হ’ব বুলি জনায় ওৱেলফাৰ কৰ্তৃপক্ষই। সেইবাবে ধূলা ৰেইনবো একাডেমিত জোনাই মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আবুল কাচেম ছিদ্দিকৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত কৰে। প্ৰত্যেক দেওবাৰে অনুষ্ঠিত হবলগীয়া প্ৰশিক্ষণ কেন্দ্ৰত অঞ্চলটোৰ প্ৰায় ৪০ জন অভিজ্ঞ শিক্ষক-শিক্ষকয়িত্ৰী দ্বাৰা পাঠদান কৰিব বুলি জনায় ওৱেলফাৰ গ্ৰুপৰ সম্পাদক মহিবুৰ ৰহমানে। সেয়েহে উক্ত প্ৰশিক্ষণ কেন্দ্ৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ধুলা ওৱেলফাৰ গ্ৰুপ কৰ্তৃপক্ষই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।