আজি ওড়িশালৈ নৰেন্দ্ৰ মোডী

 04/02/2019 - 11:43

ডিজিটেল ডেস্ক: আজি ওড়িশাত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে। কালাহান্দি জিলাৰ ভৱানিপাটনাত এক বিশাল জনসভাত অংশ ল'ব মোডীয়ে। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ৰাজ্যখনৰ বিজেপি কৰ্মকৰ্তাসকল সাজু হৈ উঠিছে।

প্ৰধানমন্ত্ৰীৰ ওড়িশা ভ্ৰমণৰ কালছোৱাত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। আগন্ত্তক লোকসভা নিৰ্বাচনৰ বাবে সকলো দলৰে নিৰ্বচনী প্ৰচাৰ এতিয়া তুংগত। ভোটাৰক আকৰ্ষিত কৰাৰ অৰ্থে উঠি-পৰি লাগিছে ৰাজনৈতিক দলসমূহ।

ভোটাৰৰ বাবে লৈ আহিছে ন ন প্ৰতিশ্ৰুতি। কোনোৱে যদি জনপ্ৰিয় গানেৰে,কোনোৱে নিৰ্বাচনী প্ৰচাৰ কৰিছে শ্ল'গানেৰে। কোন দলে শেষ হাঁহি মাৰিব সেইয়া সময়তহে লক্ষ্যণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।