ভি ভি গিৰি নেচনেল লেবাৰ ইনষ্টিটিউটত পাঁচদিনীয়া প্ৰশিক্ষণ

 08/19/2019 - 15:49

গুৱাহাটীঃ আন্তৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা আৰু ভাৰতীয় শ্ৰম মন্ত্ৰালয়ৰ তত্বাৱধানত পৰিচালিত উত্তৰ প্ৰদেশ ৰাজ্যৰ নইডা চিটিত অবস্থিত ভি ভি গিৰি নেচনেল লেবাৰ ইনষ্টিটিউটত ১৯-২৩ আগষ্ট, ২০১৯ তাৰিখলৈ উত্তৰ পূৰ্বাঞ্চল ৰাজ্য সমুহৰ শ্ৰমিকৰ প্ৰয়োজনীয় আইনৰ বাবে পাঁচ দিনয়া প্ৰশিক্ষণ আৰম্ভ হৈছে৷

এই প্ৰশিক্ষণত অসমৰ আগশাৰী বেচৰকাৰী সংস্থাৰ “যুৱ প্ৰয়াস’’ৰ তৰফৰ পৰা প্ৰতিনিধিত্ব কৰিছে সমাজ কৰ্মী ক্ৰমে পৰামানন্দ দাস, মহেশ কলিতা, বিশ্বজিত ৰাভা, মেঘালী ৰাভা, দময়ন্তী বৰো, সত্যজিত ৰাভা পবিত্ৰ দাস, নাজিম আলী, ৰচমিল আলি, বাবুল ক্ৰো, ৰিংকু ফাংচো, জবা বসুমতাৰী, ৰেখা ৰাহাং আৰু প্ৰমিল্লা ৰাহাং৷ উক্ত প্ৰশিক্ষণত উত্তৰ পূৰ্বাঞ্চলৰ চাৰি খন ৰাজ্য ক্ৰমে অসম, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়ৰ মুঠ ৫৭ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।