হোটেল সম্ৰাটত অগ্নিকাণ্ড

 08/19/2019 - 16:35

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ পল্টন বজাৰস্থিত হোটেল সম্ৰাটত অগ্নিকাণ্ড। সোমবাৰে পুৱা সংঘটিত হয় এই ঘটনা। জুইৰ সূত্ৰপাত  হোৱাৰ কাৰণ জানিব পৰা হোৱা নাছিল যদিও প্ৰাথমিক অনুসন্ধানত শ্বট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড হৈছে বুলি জানিব পৰা গৈছে। 

স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিছতেই ঘটনাস্থলীত কেইবাখনো অগ্নি নিৰ্বাপক বাহন উপস্থিত হৈ জুই নুমোৱাবলৈ চেষ্টা চলাই। এই  ঘটনাৰ পিছতেই তীব্ৰ যান-যতৰ সৃষ্টি হয় মহানগৰীত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।