পাঠশালাত ৰাজমুকুট থিয়েটাৰৰ শুভাৰম্ভ

 08/19/2019 - 16:42

বজালীঃ নাট্যনগৰী পাঠশালাত এতিয়া থিয়েটাৰৰ বতৰl কালি পাঠশালাত নতুন নাট্যবৰ্ষৰ শুভাৰম্ভ কৰে ৰাজমুকুট থিয়েটাৰেl আনুষ্ঠানিক ভাৱে কালি নাট্যবৰ্ষ উদ্বোধন কৰি শুভাৰম্ভ কৰে সংগীত নাটক একাডেমী বঁটা প্ৰাপ্ত ৰামকৃষ্ণ তালুকদাৰেl ইয়াৰ মাজতে ৰাজমুকুট থিয়েটাৰে কালি মঞ্চত প্ৰদান কৰে অচ্যুত লহকৰ সোৱঁৰণী বঁটা।ভ্ৰাম্যমান থিয়েটাৰৰ জন্ম লগ্নৰ চিত্ৰশিল্পী প্ৰমোদ তালুকদাৰক প্ৰদান কৰা হয় অচ্যুত লহকৰ সোৱঁৰণী বঁটা। বঁটা প্ৰদান কৰে অচ্যুত লহকৰৰ সহধৰ্মিনী কিৰণ লহকৰে। উল্লেখযোগ্য যে প্ৰতিবছৰে ৰাজমুকুট থিয়েটাৰে অচ্যুত লহকৰ সোৱঁৰণী বঁটা প্ৰদান কৰিব বুলি ঘোষণা কৰা হয়। একেখন মঞ্চতে কালি কেবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা ও জনোৱা হয় l ইয়াৰ পিছতে নাট্যকাৰ ভাস্কৰ বৰ্মন ৰ বাক্যবান নাটখন মঞ্চস্থ কৰি নাট্যদল টোৱে নতুন বছৰৰ পাতনি মেলে l

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।