হৰিনামৰ ধ্বনিৰে কবি অংকুৰণ আৰ্ফৰ "কিছু সময়ৰ পিছত কি হ'ব" উন্মোচন

 08/19/2019 - 17:05

আমগুৰিঃ অসমীয়া সাহিত্য জগতলৈ আজি এক অনবদ্য অবদান আগবঢ়োৱা হ'ল প্ৰতিষ্ঠিত কবি, ঔপন্যাসিক তথা গল্পকাৰ অংকুৰণ আৰ্ফৰ নৱতম সৃষ্টি "কিছু সময়ৰ পিছত কি হ'ব" নামৰ কাব্যগ্ৰন্থখনৰ জড়িয়তে। কাব্যপ্ৰেমী সকলৰ বহু প্ৰত্যাশিত কাব্য গ্ৰন্থখন আজি ব্যতিক্ৰম ৰূপত উন্মোচন কৰা হয় ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰত।

আজি ভাদমহীয়া নামৰ শুভাৰম্ভ কৰা এই পবিত্ৰ স্থানত অগণন ভকত বৈষ্ণৱৰ উপস্থিতিত হৰিনামৰ মাঙ্গলিক ধ্বণিৰ মাজত গ্ৰন্থখন উন্মোচন কৰে নাঘৰৰ নামাচাৰ্য অৱনী গোস্বামীয়ে। ৫৩ টা মননশীল আধুনিক কবিতা সন্নিবিষ্ট ১০৪ পৃষ্ঠাৰ গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটীৰ সম্ভ্ৰান্ত প্ৰকাশন প্ৰতিষ্ঠান পাঞ্চজন্য প্ৰকাশনে।

এক মানবিশিষ্ট পাতনি লিখিছে বিশিষ্ট সাহিত্যিক ড:অমৰজ্যোতি চৌধুৰীয়ে। কবি পৰিচয় দাঙি ধৰিছে বিশিষ্ট সাহিত্যিক তথা বুদ্ধিজীৱি ড: নগেন শইকীয়া আৰু কাব্য সমালোচক ৰাজীৱ বৰাই। উল্লেখ্য যে গ্ৰন্থখনে প্ৰকাশৰ পূৰ্বে ২০১৮ বৰ্ষত কবি ইন্দ্ৰেশ্বৰ বৰা স্মাৰক ন্যাস বঁটা লাভ কৰিছিল।" কিছুসময়ৰ পিছত কি হ'ব" অংকুৰণ আৰ্ফৰ পঞ্চম কাব্যগ্ৰন্থ তথা সপ্তম প্ৰকাশিত গ্ৰন্থ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।