মৰিগাঁৱত যুৱকক দলবদ্ধ আক্ৰমণ

 08/19/2019 - 17:10

মৰিগাঁওঃ মৰিগাঁৱত মৰাপাটতলীত জাল পাতিব নিদিয়াৰ বাবেই দলবদ্ধ আক্ৰমণৰ বলি হ'ল এজন যুৱক। শনিবাৰে বিয়লি মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ভূঞাগুৰি গাঁৱৰ মৰাপাট খেতিয়ক দ্বীপেন ডেকা নামৰ এজন যুৱকক চুবুৰীয়া আহঁতগুৰি গাঁৱৰ একাংশ দুষ্কৃতিকাৰীয়ে উপয্যুপৰি আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰে। দেহৰ বিভিন্ন অংগত আঘাতপ্ৰাপ্ত দ্বীপেন ডেকাক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। সম্প্ৰতি গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্চিংহোমত মৃত্যুৰ সৈতে যুঁজ দি আছে আহত দ্বীপেনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।