হৰিনামৰ ধ্বনিৰে মুখৰিত ঢকুৱাখনা

 08/19/2019 - 17:22

ঢকুৱাখনাঃ আজি পহিলা পবিত্ৰ ভাদমাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ সোৱণশিৰিত অৱস্থিত ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্ৰ আৰু আখৈফুটীয়া শলগুৰি শাখা আৰু মৰনৈ চাপৰি নামঘৰতো ভক্তপ্ৰাণ ৰাইজ। ভাদ মাহৰ পহিলা দিনটোৰ পৰাই আৰম্ভ হৈছে ভদীয়া নাম।

ধূপ-চাকি, শৰাই-নৈবদ্যৰে গাভৰু, জীয়ৰী, বোৱাৰী, আই এতিয়া বিলিন হৈ গৈছে আধ্যাত্মিক ভক্তি ৰসত। খোল, নাগাৰা আৰু বৰতালৰ শব্দত ভাদ মাহৰ প্ৰথমটো সোমবাৰে এতিয়া ৰাজ্যৰ প্ৰতিটো নামঘৰ আৰু সত্ৰত এতিয়া দেখা গৈছে উখল মাখল পৰিৱেশ। এক ভক্তিময় পৰিবেশত পুৱাৰে পৰা ধূপ-চাকি, শৰাই-নৈবদ্যৰে নিজ নিজ পৰিয়ালৰ মংগলৰ কামনাৰ্থে প্ৰভুৰ শ্ৰীচৰণত শৰণাগত হোৱা দেখা গৈছে৷ ভাদ মাহ মানেই এতিয়া ৰাজ্যজুৰি কেৱল ভক্তিৰসৰ বন্যা।

দবা-শংখ আৰু হৰিনামৰ ধ্বনিত কেউফালে গুঞ্জৰিত হৈছে ভক্তিৰ অমিয়া ৰস। বৈষ্ণৱ ধৰ্মী অসমীয়াৰ বাবে এতিয়া হৈ পৰে পবিত্ৰ ভাদ মাহ। চৌপাশৰ আকাশ বতাহ এতিয়া ভক্তিৰ ৰসৰ পৰিৱেশ৷ ভক্তিৰসৰ সাগৰ বৈ যায় এই মাহটোতে। হৰিবন্দনাৰে মুখৰিত হৈ পৰে অসমীয়া জাতীয় সংস্কৃতিৰ যাদুঘৰস্বৰূপ নামঘৰ।

কৃষক, বনুৱা, শিপিনী, ৰোৱনী সকলোৰে বাবে হেঁপাহৰ মাহটো যেন বছৰৰ প্ৰতীক্ষাহে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৰ অমৰ সৃষ্টিৰাজী এনেদৰে জীয়াই ৰখাৰ কাৰণে এইসকল আই অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।