নগাঁৱত গুৰুনানকৰ ৫৫০ সংখ্যক জন্মজয়ন্তীৰ আয়োজন

 08/19/2019 - 17:33

লংকাঃ গুৰুনানকৰ ৫৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে শনিবাৰে ধুবৰী জিলাৰ পৰা শিখ সমাজে উলিওৱা ধৰ্মীয় সমদলকাৰীৰ দলটো শুমবাৰে লংকাত উপস্থিত হয়। পোৱা ৮ মান বজাত সমদলকাৰীৰ দলটো গুৰুনানকৰ মহান বানী লৈ তথা ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে হোজাই জিলাৰ লংকাত পৰিভ্ৰমণ কৰি স্থানীয় গুৰুদ্বাৰত উপস্থিত হয়। পিছত পৰম্পৰা নিয়ম অনুসৰি শিখ সমাজৰ লোক সকলে গুৰুদ্বাৰত উপস্থিত হৈ প্ৰাৰ্থনাত অংশ গ্ৰহণ কৰে।

লংকা খালছা সেৱা সংঘৰ নেতৃত্বত এই ধৰ্মীয় সমদলকাৰীৰ দলটো গুৰুনানকৰ মহান বানী লৈ মানৱ সমাজৰ শান্তি কামনাৰে অসমৰ আটাইকেইখন জিলা ভ্ৰমণ কৰি অহা ২৩ আগষ্টত নগাঁৱৰ গুৰুদ্বাৰ সাহীৱত উপস্থিত হ'ব। তেঁও কয় অহা ২৩ আগষ্টৰ পৰা নগাঁৱৰ গুৰুদ্বাৰ সাহীৱত তিনিদিনীয়া কাৰ্য্যসূচীৰে গুৰুনানকৰ ৫৫০ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হ'ব। গুৰুনানকৰ বানীক সাৰোগত কৰি অনৈক্যৰ মাজতো মানৱ সমাজক একতাৰ ডোলেৰে বান্ধি ৰখাৰ বাবে গুৰুজনাৰ উক্ত জন্মজয়ন্তী অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।