নিৰ্বাচনৰ প্ৰাকক্ষণত বিশেষ ব্যৱস্থা অসম আৰক্ষীৰ

 04/02/2019 - 12:35

গুৱাহাটী: সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কোনো যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কথা ব্যক্ত কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

তাৰ উপৰি, সকলো নাগৰিকে যাতে সুৰক্ষিতভাৱে ভোট প্ৰদান কৰিব পাৰে তাৰ বাবে নিয়োগ কৰা হ'ব ৯০টা কোম্পানীৰ অৰ্ধসামৰিক বাহিনী। ইতিমধ্যে, অতিৰিক্তভাৱে নিয়োগ কৰা ৩৩টা কোম্পানীৰ নিৰাপত্তাৰক্ষী আহি পাইছে।

আনহাতে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে যাতে কোনো অবাঞ্চনীয় ঘটনা সংঘটিত নহয় তাৰ বাবেও জিলা আৰক্ষী বিষয়াসকল সষ্টম থাকিব বুলিও শইকীয়াই জানিবলৈ দিয়ে। লগতে যিসকল আৰক্ষী এনআৰচিৰ দায়িত্বত আছে তেওঁলোকক নিৰ্বাচনৰ দায়িত্ব দিয়া নহয়।

নিৰ্বাচনৰ পূৰ্বে এনবিডব্লিউ আৰু অনুজ্ঞাপত্ৰ থকা সকলো অস্ত্ৰ-শস্ত্রও জব্দ কৰা হ'ব বুলি সঞ্চালকগৰাকীয়ে জনায়।

উল্লেখ্য যে, নিৰ্বাচনত যাতে বহিঃৰাজ্যৰ কোনেও কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰা হৈছে, ইয়াৰ বাবে সীমান্ত ৰাজ্যৰ আৰক্ষী সঞ্চালকৰে যোগাযোগ অব্য্যাহত ৰাখিছে অসম আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।