লামডিংত আত্মাৰাম পথৰ শুভ উদ্বোধনী

 08/19/2019 - 18:48

লামডিংঃ হোজাই জিলাৰ লামডিংত আত্মাৰাম ৰোড ৬ নং ৱার্ড ৰাস্তাৰ শুভ উদ্বোধন কৰা হয়। এই ৰাস্তাৰ শুভ উদ্বোধন কৰে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্রই। অলপ বৰষুণ দিলে ৰাস্তাত পানী জমা হৈ পুখুৰী সদৃশ হৈ যোৱা ৰাস্তাটোৰ আজিলৈকে কোনো মেৰামতিৰ কাম হোৱা নাই যাৰ ফলত ভুক্তভোগী হব লগা হৈছিল সাধাৰন জনতা।

যাতায়তৰ বাবে যমৰ যাতনা ভুগিব লগীয়া হৈছিল অঞ্চলবাসীয়ে, এতিয়া লামডিংৰ বিধায়ক শিবু মিশ্ৰৰ তৎপৰতাৰে তথা লামডিং মিউনিচিপালিটিৰ তৎপৰতাত আকৌ এই ৰাস্তাৰ কাম আৰম্ভ কৰা হৈছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছে আত্মাৰাম ৰোদৰ অঞ্চলবাসীয়ে। এই শুভ আৰম্ভণিত উপস্থিত আছিল লামডিং মিউনিচিপালিটি বোর্ডৰ সভাপতি স্বস্তিকা ৰাউত উপ-সভাপতি উত্তম দাস আৰু ৬ নং ৱার্ড কমিচনাৰ বিক্রম কল্যাহন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।