যোগীঘোপাৰ স্বৰ্গদোৱাত পথৰ দূৰৱস্থা

 08/19/2019 - 19:01

যোগীঘোপাঃ সম্প্ৰতি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গড়কাপ্টানী বিভাগৰ জৰিয়তে কোটি কোটি টকা ব্যয় কৰি ৰাজ্যৰ গ্ৰামাঞ্চলৰ যাতায়ত ব্যৱস্থা ব্যাপক উন্নয়ন সাধন কৰা বুলি দাবী কৰিলেও ইয়াৰ এক বিপৰীত ছবিহে স্পষ্ট ৰূপত জিলিকি উঠিছে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ স্বৰ্গদোৱাত।

আনকি শেহতীয়াকৈ উল্লিখিত যোগীঘোপাত সংশ্লিষ্ট অভয়াপুৰী গড়কাপ্টানী বিভাগৰ চূড়ান্ত দায়িত্বহীনতা তথা অৱহেলাৰ বাবেই বিধ্বস্ত যাতায়ত ব্যৱস্থাৰে অহা যোৱা কৰি ৰাইজে চৰম যমৰ যাতনা ভুগিবলগীয়া হৈছে।

ৰাজ্য চৰকাৰৰ অমনোযোগিতা তথা বিভাগীয় উৰ্ধ্বতন কৰ্তৃপক্ষৰ চৰম দায়িত্বহীনতা আৰু স্থানীয় জনপ্ৰতিনিধিৰ অৱহেলাৰ ফলত স্বৰ্গদোৱাৰ পথছোৱা বৰ্তমান জহি খহি প্ৰায় সম্পূৰ্ণ বিধ্বস্ত হৈ মৰণফান্দলৈ পৰ্যবসিত হৈছে। বিগত সময়ছোৱাত অব্যাহত থকা ব্যাপক দুৰ্নীতিৰাজৰ ফলতেই এতিয়া জাহি খহি পুখুৰীসদৃশ প্ৰকাণ্ড প্ৰকাণ্ড দ গাঁতৰ সৃষ্টি হৈছে।

এজাক বৰষুণ পৰিলেই পুখুৰীসদৃশ গাঁতবোৰত পানী জমা হৈ বোকা-পানীৰে উপচি গুৰুত্বপূৰ্ণ পথছোৱা ৰাইজৰ বাবে পৰ্যবসিত হয় মৰণফান্দলৈ। উক্ত বিধ্বস্ত পথছোৱাৰে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়লৈ অহা যোৱা কৰা ছাত্র-ছাত্ৰীসকলক লৈয়ো বৰ্তমান চিন্তিত অভিভাৱক তথা স্থানীয় ৰাইজ।

বিশেষকৈ এই বিধ্বস্ত পথছোৱাত ৰোগীক লৈ অধিক বিপাঙত পৰিছে ৰাইজ। বিগত সময়চোৱাত শংকৰঘোলা পঞ্চায়তৰ পৰা ৯ লাখ ৭৫ হাজাৰ ৪০০ টকাৰে পথচোৱা মেৰামতি কৰিবলৈ লৈছিল যদিও মাত্ৰ ৯ দিন কাম কৰি সিংহভাগ টকা আত্মাসাৎ কৰিলে পঞ্চায়তৰ সভাপতি আৰু সচিবে।

ইয়াকে লৈ যোগীঘোপাৰ স্বৰ্গদোৱাৰ বাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।