বিজনীত বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন

 08/19/2019 - 19:48

বিজনীঃ চিৰাং জিলাৰ বিজনীত বিশ্ব ফটোগ্ৰাফী দিৱসৰ সৈতে সংগতি ৰাখি সোমবাৰে পুৱা 10 বজাৰ পৰা বিয়লি ৩ বজালৈ হোটেল গীতাঞ্জলীত বিজনী ফটোগ্ৰাফী ক্লাবৰ উদ্যোগত ফটোগ্ৰাফী আৰু পেইন্টিং প্ৰতিযোগিতা তথা প্ৰদৰ্শনী অনুষ্টিত কৰে।

উক্ত অনুষ্ঠানত চিৰাঙৰ অতিৰিক্ত উপায়ুক্ত তথা বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে। উক্ত অনুষ্ঠানত বিজনীৰ কৃষি বিষয়া অপল চন্দ্ৰ দাস, বিজনী প্ৰেছ ক্লাবৰ সভাপতি হেমেন শৰ্মা, চিত্ৰকৰ মৃত্যুঞ্জয় চৌধুৰীসহ আমন্ত্ৰিত অতিথি বৃন্দ উপস্থিত থাকে।

উল্লেখ্য বিজনী ফটোগ্ৰাফী ক্লাবে দ্বিতীয় বাৰৰ বাবে উদযাপিত কৰে বিশ্ব ফটোগ্ৰাফী দিৱস।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।