কঠালগুৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অৱস্থান ধৰ্মঘট

 08/19/2019 - 19:51

ডিগবৈঃ মাৰ্ঘেৰিটা মহকুমা তথা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ অধীনৰ কঠালগুৰি মিহলিৰিতু গাঁৱত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিয়ে ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে। মিহলিৰিতু ন-আলি প্ৰাথমিক বিদ্যালয়ত অধ্যয়ণৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ বিপৰীতে মাত্ৰ এগৰাকী শিক্ষয়ত্ৰী নিয়োজিত হৈ থকাৰ প্ৰতিবাদত আৰু অন্য শিক্ষক নিযুক্তিৰ দাবীত এই ধৰ্মঘট কাৰ্য্যসূচীটো গ্ৰহন কৰা হয়।

বিদ্যালয় খনত পৰ্য্যাপ্ত স্থায়ী শিক্ষক নিযুক্তিৰ লগতে বিদ্যালয় খনৰ আন্তঃগাঠণি উন্নয়ণৰ ক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনক তৎকালীন ভাৱে ব্যৱস্থা গ্ৰহন কৰিবলৈ পৰিষদে সকীয়াই দিয়ে অন্যথা অনাগত দিনত বিষয়টোৰ ওপৰত পৰিষদে তীব্ৰ গণ আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহন কৰিব বুলিও মন্তব্য দিয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পেঙেৰী বৰডুমচা আঞ্চলিক সমিতিৰ সৌজন্যত তথা মিহলিৰিতু শাখা সমিতিৰ উদ্যোগত গ্ৰহন কৰা এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰা, প্ৰচাৰ সম্পাদক দেৱজিত সোণাৰৰ লগতে সংগঠনটোৰ ভালে সংখ্যক কৰ্মী উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।