এগৰাকী অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়াৰ কৰ্মই আশাৰ ৰেঙণী দেখুৱাইছে নিবনুৱা যুৱকসকললৈ

 08/20/2019 - 12:08

গহপুৰঃ গহপুৰৰ এগৰাকী অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়াৰ কৰ্মই আশাৰ ৰেঙণী দেখুৱাইছে নিবনুৱা যুৱকসকললৈ। নিজৰ ঘৰৰ চৌহদতে বিভিন্ন দেশী-বিদেশী প্ৰজাতিৰ পক্ষী পালনেৰে কিদৰে নিবনুৱা যুৱকসকলে স্বাৱলম্বনৰ পথত অগ্ৰসৰ হ'ব পাৰে তাৰে উদাহৰণ দাঙি ধৰিছে ক্ষীৰেশ্বৰ শইকীয়া নামৰ লোকজনে।

গহপুৰ নগৰৰ ৬নং ৱাৰ্ডৰ চত্ৰং পাৰৰ নিৱাসী ক্ষীৰেশ্বৰ শইকীয়াই তাৰ্কি, টিটৰ, কড়কনাথ, বঁটা চৰাই, খাকি কেম্বেল, চাই চাম্বেলি, হোৱাইট পেকিং, ইণ্ডিয়াৰ ৰানাৰ আদি পক্ষী পালনেৰে আদৰ্শ দেখুৱাইছে বহু নিবনুৱা যুৱকক। ক্ষীৰেশ্বৰ শইকীয়াই দেশী-বিদেশী পক্ষী পালন কৰায়েই ইচ্ছুক পালকসকলক উক্ত পক্ষীসমূহৰ পোৱালী যোগান ধৰাৰো ব্যৱস্থা হাতত লৈছে।

উক্ত পক্ষী সমুহৰ পালন পদ্ধতিৰ বিষয়ে জ্ঞান প্ৰদান কৰি বহু নিৱনুৱা যুৱকক পক্ষী পালনেৰে স্বৱলম্বী হোৱাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে ক্ষীৰেশ্বৰ শইকীয়াই। উল্লেখ্য যে ক্ষীৰেশ্বৰ শইকীয়াই পালন কৰা পক্ষী সমূহৰ মাংস সেৱনেৰে মানৱ শৰীৰত দেখা দিয়া বিভিন্ন ৰোগৰ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে বুলিও চিকিৎসা বিজ্ঞানে প্ৰমানিত কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।