৫০৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে অসমত

 04/02/2019 - 13:16

প্ৰদীপ কুমাৰ সৰকাৰ: অসমৰ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনী ইতিহাসত তৃতীয় লিংগৰ ভোটাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ নজিৰ নাই যদিও এইসকলে পূৰ্বৰ পৰাই ভোটদান কৰি আহিছে৷ নিজে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ নহলেও ভোটদান সাব্যস্ত কৰি সংসদীয় গণতন্ত্ৰণৰ প্ৰতি আস্হা প্ৰকাশ কৰি আহিছে৷

প্ৰাপ্ত তথ্য মতে, সমাগত লোকসভা নিৰ্বাচনী ভোটাৰ তালিকাত অসমত ৫০৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে৷ অৱশ্যে, ভোটাৰ তালিকাত থকা এইসকলৰ ভিতৰত কিমানগৰাকীয়ে ভোটদান সাব্যস্ত কৰিব সেয়া এতিয়াই কব পৰা নেযায় যদিও এইবেলি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১৫৮ গৰাকী, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৮১ গৰাকী আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৬৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰৰ নাম তালিকাত সন্নিৱিষ্ট হৈছে৷

আনহাতে, ৰাজ্যখনৰ গুৱাহাটী আৰু শিলচৰত সৰ্বাধিক ৭৮ গৰাকীকৈ তৃতীয় লিংগৰ ভোটাৰ থকাৰ বিপৰীতে যোৰহাট আৰু ডিমা হাচাও সংসদীয় সমষ্টিত সৰ্বনিম্ন ৭ গৰাকীৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে৷

মন কৰিবলগীয়া যে, অসমত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনত তেজপুৰ সংসদীয় সমষ্টিত ৩০ গৰাকী, কলিয়াবৰ সমষ্টিত ৪৫ গৰাকী, যোৰহাট সংসদীয় সমষ্টিত ৭ গৰাকী, ডিব্ৰুগড় সংসদীয় সমষ্টিত ২৩ গৰাকী আৰু লখিমপুৰ সংসদীয় সমষ্টিত ৫৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে৷

আনহাতে, দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া কৰিমগঞ্জ লোকসভা সমষ্টিত ১৬ গৰাকী, শিলচৰ সমষ্টিত ৭৮ গৰাকী, ডিমা হাচাও সমষ্টিত ৭ গৰাকী, মঙ্গলদৈ সমষ্টিত ২৯ গৰাকী আৰু নগাঁও সংসদীয় সমষ্টিত ৫১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে৷

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ধুবুৰী সংসদীয় সমষ্টিত ২৭ গৰাকী, কোকৰাঝাৰ সংসদীয় সমষ্টিত ৪৫ গৰাকী, বৰপেটা সংসদীয় সমষ্টিত ১৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ থকাৰ বিপৰীতে গুৱাহাটী সংসদীয় সমষ্টিত ৭৮ গৰাকী ভোটাৰ আছে৷

ৰাজ্যখনৰ জোনাই বিধানসভা সমষ্টিত সৰ্বাধিক ২৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ থকাৰ বিপৰীতে ৰঙাপাৰা, ভবানীপুৰ, বৰক্ষেত্ৰী, যোৰহাট, তিতাবৰ, বঙাইগাঁও, শিৱসাগৰ, তিয়ক বিধানসভা সমষ্টিকে ধৰি অসমৰ মুঠ ২৭ টা বিধান সভা সমষ্টিত এগৰাকীও তৃতীয় লিংগৰ ভোটাৰৰ নাম তালিকাত নথকাৰ তথ্য প্ৰকাশ পাইছে৷

এইসকল ভোটাৰে কোনো ৰাজনৈতিক দলৰ সমীকৰণত প্ৰভাৱ পেলাব নোৱাৰিলেও ভোটাৰ তালিকাত পৃথককৈ নাম সন্নিৱিষ্ট হোৱা কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে বুলি ৰাইজৰ মাজত আলোচনা অব্যাহত আছে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।