বিনেশ্বৰ ব্ৰহ্মৰ নৃশংস হত্যাকাণ্ডৰ ১৯ বছৰ

 08/20/2019 - 12:39

কোকৰাঝাৰঃ ২০০০ চনৰ ১৯ আগষ্টত অৰ্থাৎ আজিৰ দিনটোতেই বড়ো সাহিত্য সভাৰ তদানন্তীন সভাপতি বিনেশ্বৰ ব্ৰহ্মক আততায়ীয়ে গুলীয়াই হত্যা কৰা ১৯ বছৰ অতিক্ৰম কৰা উপলক্ষে আজি কোকৰাঝাৰৰ চান্দামাৰীত থকা বিনেশ্বৰ ব্ৰহ্মৰ সমাধিস্থলীত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

বড়ো সাহিত্য সভা আৰু বিনেশ্বৰ ব্ৰহ্ম ট্ৰাষ্টে যৌথভাৱে আয়োজন কৰা বিনেশ্বৰ ব্ৰহ্মৰ ১৯ সংখ্যক মৃত্যুবাৰ্ষিকী অনুষ্ঠানত ৰাতিপুৱা পতাকা উত্তোলনেৰে শুভাৰাম্ভ কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই।

কোকৰাঝাৰৰ চান্দামাৰীৰ বিনেশ্বৰ ব্ৰহ্ম সমাধীথলীত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী, এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী, ইউপিপিএলৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰি বিনেশ্বৰ ব্ৰহ্মৰ সমাধীথলীত পুষ্পাঞ্জলী অৰ্পণ কৰাৰ লগতে বিনেশ্বৰ ব্ৰহ্মৰ আদৰ্শ, ত্যাগ আদিক শ্ৰদ্ধাৰে স্মৰণ কৰে। বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই বিনেশ্বৰ ব্ৰহ্মৰ মহান কৰ্মৰাজীক শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁৰ নামাকৰনেৰে ইঞ্জিনিয়াৰিং কলেজ, বিদ্যালয় আদি হোৱাত সন্তোষ প্ৰকাশ কৰি অচিৰেই বিনেশ্বৰ ব্ৰহ্মৰ নামত আটকধুনীয়া প্ৰেক্ষাগৃহ স্থাপন কৰা হব বুলি মন্তব্য কৰে।

তদুপৰি বিটিচি আৰু ৰাজ্য চৰকাৰৰ সদিচ্ছাক কৃতজ্ঞতা জ্ঞাপন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই। আনহাতে বিনেশ্বৰ ব্ৰহ্ম স্মৃতিচাৰণ সভাত উপস্থিত থাকি মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই শান্তিৰ দূত বিনেশ্বৰ ব্ৰহ্মক এনডিএফবিয়ে নৃশংসভাৱে হত্যা কৰিছিল বুলি মন্তব্য কৰি বড়ো মাধ্যমৰ লিপিৰ বাবেই বিনেশ্বৰ ব্ৰহ্ম ছহীদ হ'ল বুলি মন্তব্য কৰে। পূৰ্বৰ সেই পৰিৱেশ নাই আৰু বৰ্তমান সমিলমিলেৰে জাতিটোক নেৰ্তৃত্ব দিয়াৰ কথাটোহে মুল কথা বুলি উল্লেখ কৰি বিনেশ্বৰ ব্ৰহ্মৰ আদৰ্শ, ত্যাগ আৰু বড়ো জাতিৰ প্ৰতি অৱদানক চিৰদিনে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব বুলিও মন্তব্য কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।