মধুপুৰ সত্ৰত ১৬ দিনীয়া বৰগীত আৰু বাদ্যযন্ত্ৰ কৰ্মশালা সামৰনি অনুষ্ঠান

 08/20/2019 - 12:54

গোলকগঞ্জঃ পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ মধুপুৰত থকা অসমৰ জাতীয়  জীৱনৰ প্ৰানকেন্দ্ৰ মধুপুৰ সত্ৰত ১৬ দিনিয়া বৰগীত আৰু বাদ্যযন্ত্ৰ প্ৰশিক্ষন  কৰ্মশালাৰ সোমবাৰে সামৰনি অনুষ্ঠান আৰু মানপত্ৰ বিতৰনী সভা অনুষ্ঠান হৈ যায়। জানিব পৰা মতে  মধুপুৰ  সাংস্কৃতিক কেন্দ্ৰৰ  উদ্যোগত  আৰু  ভয়েচ অফ কোচৰ সহযোগত যোৱা ১৬ জুলাইৰ পৰা ৩১ জুলাইলৈ মধুপুৰ সত্ৰত বৰগীত আৰু বাদ্যযন্ত্ৰৰ ওপৰত এখন  প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত কৰা হয়। কৰ্মশালাটোত পশ্চিম বংগৰ বিভিন্ন বিদ্যালয়ৰ পৰা ১৬ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে। মহাপুৰুষ  শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্ম , কলা সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে  আগত ৰাখি কোচবিহাৰৰ মধুপুৰ সত্ৰত এই কৰ্মশালা অনুষ্ঠিত কৰা হয়। যোৱা ৩১ জুলাইত কৰ্মশালাটোৰ সমৰনি অনুষ্ঠান  অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বানপানীৰ কাৰণে সেয়া সম্ভৱ হোৱা নাছিল।

যাৰ কাৰণে ৩১ জুলাইৰ পৰিবৰ্তে সোমবাৰে কৰ্মশালাটোৰ সামৰনি অনুষ্ঠান আৰু মানপত্ৰ বিতৰনী সভা অনুষ্ঠিত কৰা হয় বুলি মধুপুৰ সাংস্কৃতিক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া জীতেন দাসে সংবাদ মাধ্যমক জনায়। আজি অনুষ্ঠিত  সামৰনি অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে মধুপুৰ সত্ৰৰ  সত্ৰাধীকাৰ লক্ষীকান্ত মহন্ত। সত্ৰাধীকাৰ গৰাকীৰ ওপৰিও  ডেকা সত্ৰাধীকাৰ প্ৰমূখ্যে কেবাজনো বিশিষ্ট ব্যাক্তিৰ লগতে মধুপুৰ সাংস্কৃতিক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া জীতেন দাস  উপস্থিত থাকে। সামৰনি সভাখনত প্ৰশিক্ষাৰ্থী  সকলৰ লগতে একাংশ ভকতে বৰগীত, থিয়নাম আদি প্ৰদৰ্শন কৰে। সভাৰ অন্তত প্ৰশিক্ষাৰ্থী সকলৰ মাজত  মানপত্ৰ প্ৰদান কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।