ডবকাত শিহৰণকাৰী হত্যাকাণ্ড

 08/20/2019 - 13:18

ডবকাঃ এক শিহৰণকাৰী হত্যাকাণ্ডই জোকাৰিছে ডবকা৷ স্বামীয়ে হত্যা কৰি পুতি থলে পত্নীৰ মৃতদেহ৷ ডবকাৰ নুৰজাহান বেগম নামৰ এগৰাকী মহিলাক তেওঁৰ স্বামী আব্দুল হেকিমে টকা দিয়াৰ কথা কৈ ৭ আগষ্টত ডবকা চহৰত মাতি নিয়াৰ পিচৰ পৰাই নিৰুদ্দেশ হৈ আছিল নুৰজাহান নামৰ মহিলা গৰাকী৷ নুৰজাহানৰ পিতৃৰ পৰিয়ালে স্বামীয়ে অপহৰণ কৰি নি হত্যা কৰাৰ সন্দেহ কৰি ডবকা থানাত গোচৰ দিছিল যদিও ৰহস্যজনকভাৱে গোচৰটো গুৰুত্ব সহকাৰে লোৱা নাছিল ডবকা আৰক্ষীয়ে৷ ভুক্তভোগী পৰিয়ালে সংবাদ মাধ্যমৰ কাষ চপাৰ কথা কোৱাৰ পিচতহে ডবকা আৰক্ষীয়ে দুদিন পূৰ্বে হেকিমক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছিল৷ ডবকা আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাত পৰিয়ালৰ লোকে হোজাই জিলা আৰক্ষী অধীক্ষকক অৱগত কৰে৷ হোজাই জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনে ঘটনাটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি DSP দিপ্তি মালিক গোচৰৰ তদন্তৰ ভাৰ দিয়াত DSP মালিয়ে অভিযান চলাই ঘাতক স্বামীৰ স্বীকাৰোক্তিত যোৱা নিশা ডবকাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নেপালিখুটি নামৰ ঠাইৰ এটি কালভাৰ্টৰ তলৰ পৰা পুতি থোৱা অৱস্থাত ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰে৷ পাৰিবাৰিক সংঘাতৰ বাবেই স্বামীয়ে সংঘটিত কৰিছে এই জঘন্য কাণ্ড৷ হত্যাৰ বলি হোৱা নুৰজাহান হেকিমৰ দ্বিতীয় পত্নী৷ হত্যাকাণ্ডৰ লগত ডবকা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জড়িত থকাৰ বিস্ফোৰক অভিযোগ নুৰজাহানৰ পৰিয়ালৰ৷

নিখোজ হোৱাৰ পিচত পৰিয়ালৰ লোকে ডবকা থনাত বাৰে বাৰে গোচৰ তৰিছিল কিন্তু ৰহস্যজনক ভাৱে এটা গোচৰো পঞ্জীয়ন কৰা নাছিল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিলোৎপল ভূঞাই৷ পৰিয়ালৰ লোকে দিয়া ৬ নম্বৰ এজাহাৰখন গ্ৰহণ কৰি পঞ্জীয়ন কৰিছিল এটা নিৰুদ্দেশ সম্পৰ্কীয় গোচৰ৷ হত্যাকাৰী ঘাতক স্বামী আব্দুল হেকিমৰ লগত ডবকা আৰক্ষীৰ সু-সম্পৰ্ক আছিল বুলি অভিযোগ কৰে৷ নুৰজাহানক হত্যা কৰি সঘনাই থানাত অহা যোৱা কৰিছিল ঘাতক স্বামীয়ে৷ অপহৰণৰ অভিযোগ থকাৰ পিছতো গ্ৰেপ্তাৰ কৰি সোধা পোছা কৰা নাছিল ডবকা আৰক্ষীয়ে৷ সংবাদ মাধ্যমৰ কাষ চপাৰ পিচতহে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্ত হেকিমক৷ ৰাইজৰ প্ৰতিবাদৰ ভয়ত আৰক্ষীয়ে নিশা মৃতদেহ উদ্ধাৰৰ পিচত মাজনিশাই নুৰজাহানৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰাৰ লগতে অভিযুক্ত স্বামী হেকিমক ডবকা থানাৰ পৰা আঁতৰাই গোপন স্থানত ৰাখিছে৷ এই ঘটনাই কঁপাই তুলিছে সমগ্ৰ ডবকা অঞ্চল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।