হাতীচোং মহাবিদ্যালয়ৰ আছুৰ গোট গঠন

 08/20/2019 - 13:20

বটদ্ৰৱাঃ সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত হাতীচোং মহাবিদ্যালয়ৰ আছুৰ গোট যোৱা সোমবাৰে গঠন কৰা হয়। সেই মৰ্মে দিনৰ ২ বজাত হাতীচোং মহাবিদ্যালয় প্ৰেক্ষাগৃহত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৃতাঞ্জল বৰাৰ সভাপতিত্বত আৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি, সাধাৰণ সম্পাদকৰ নেতৃত্বত ৫২ জনীয়া কাৰ্যনিৰ্বাহক সদস্যৰে এক শক্তিশালী ৰূপত হাতীচোং মহাবিদ্যালয়ৰ আছুৰ গোট গঠন কৰা হয়।

সভাখনত আছুৰ নগাঁও জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক হিৰণ্য জ্যোতি বৰা, তথ্য সম্পাদক নিপন শৰ্মা, হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ মনি বৰা, উপসভাপতি মিটুমনি ফুকন, মুখ্য সাংগঠনিক সম্পাদক গুনিন শইকীয়া, সহকাৰী সম্পাদক পৰাগ লাহনকে আদি কৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়া সকলৰ লগতে মহাবিদ্যালয়ত প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।