নলবাৰীত পুজাৰ প্ৰসাদ খাই অসুস্থ কেবাজনো লোক

 08/20/2019 - 14:01

নলবাৰীঃ নলবাৰীত সত্য নাৰায়ণ পুজাৰ প্ৰসাদ খাই অসুস্থ কেবাজনো লোক। নলবাৰী চহৰৰ পৰা কিছু নিলগৰ তিলানা গাওঁত সংঘটিত হৈছে এই ঘটনা। গাওঁখনৰ এলেংগীদল চুবুৰী নিবাসী দিনেশ বৰুৱাৰ ঘৰত সত্য নাৰায়ণ পূজাৰ বুট-মাহ আৰু পিঠাগুড়ি খোৱাৰ পিছৰে পেট চলা ৰোগত আক্ৰান্ত শিশু-মহিলা সহ তেৰ জনতকৈও অধিক লোক।

একেটা পৰিয়ালৰে পাচজনকৈ লোক আক্ৰান্ত পুজাৰ প্ৰসাদ খাই। আক্ৰান্ত লোকসকলক সোমবাৰে সন্ধিয়া ভৰ্তি কৰোৱা হয় নলবাৰী অসামৰিক চিকিৎসালয়ত ।ইফালে সন্ধিয়াৰ ভাগত চিকিৎসালয়ত উপস্থিত হৈ ভুক্তভোগী ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় নলবাৰী সমষ্টিৰ স্থানীয় বিধায়ক অশোক শৰ্মাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।