প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

 08/20/2019 - 14:16

গৌৰীপুৰঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। ধুবুৰী জিলাৰ গৌৰীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ঘেগেৰ আলগা গাওঁৰ ১৭৯৪ নং দেৱত্তৰ ৰায়পুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আতোৱাৰ ৰহমানে কণ কণ ছাত্ৰ ছাত্ৰীৰ দুপৰীয়াৰ আহাৰ মধ্যহ্ন ভোজন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে একাংশ বিষয়াক মেনেজ কৰি চলিত ২০১৯-২০ বৰ্ষত মুঠতে ১৮(ওঠৰ)দিন মধ্যহ্ন ভোজন খুৱাইছে আৰু বিদ্যালয়খনত চৰম অৰাজকতাৰ সৃষ্টি কৰি আহিছে।

ইপিনে অভিভাৱক তথা SMCৰ সদস্যকো প্ৰাণে মৰাৰ ভাবুকি দিয়ে প্ৰধান শিক্ষক আতোৱাৰ ৰহমানে। উপায়হীনহৈ ইতিমধ্যে অভিভাৱক সকলে ধুবুৰী জিলা উপায়ুক্তক এখন অভিযোগ পত্ৰ দাখিল কৰিছে। আনহাতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ লগত দুৰ্ব্যৱহাৰ কৰে, প্ৰধান শিক্ষক আতোৱাৰ ৰহমানে। এনে দুৰ্নীতি পৰায়ন পাষণ্ড প্ৰধান শিক্ষক আতোৱাৰ ৰহমানৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সময়তহে লক্ষণীয় হব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।