নামনি অসমৰ ধুবুৰী জিলাত চলিছে নাওঁ খেলৰ নামত অবাধ জুৱাৰ আড্ডা

 08/20/2019 - 14:30

ধুবুৰীঃ নামনি অসমৰ ধুবুৰী জিলাত চলিছে নাওঁ খেলৰ নামত অবাধ জুৱাৰ আড্ডা৷ সম্প্ৰতি ইয়াকলৈ দল সংগঠনৰ মাজত সৃষ্টি হৈছে বিৰুপ প্ৰতিক্ৰিয়া৷ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ মছলাপাৰা গাঁও পঞ্চায়তত বৈ যোৱা টিপকাই নৈত সোমবাৰে নাওঁ খেল অনুষ্ঠিত হয়। 

কিন্তু এই নাওঁ খেলৰ নামত অবাধ জুৱাৰ বেহা চলি থকা ঘটনাই সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে আমছুৰ বিলাসীপাৰা জিলা সমিতিয়ে প্ৰশাসনক অবগত কৰিও সুফল নোপোৱাৰ অভিযোগ উত্থাপন হৈছে।

এই জুৱাৰ আঁৰত আৰক্ষীৰ হাত থকাৰ সন্দেহ ব্যাক্ত কৰিছে একাংশই ।উল্লেখ্য যোগ্য যে, দীৰ্ঘ দিন ধৰি এনে দৰে নাওঁ খেলৰ নামত অবাধ জুৱাৰ বেহা চলি থকাৰ পিছতো কিহৰ ভিত্তিত নাওঁ খেলৰ অনুমতি দিলে প্ৰশাসনে সেয়া আজিৰ তাৰিখত বিশেষ লক্ষ্যণীয় হৈ পৰিছে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।