৭ এপ্ৰিলত বৰাক উপত্যকাত উপস্থিত হ’ব মোডী

 04/02/2019 - 13:23

ডিজিটেল ডেস্কঃ ২০১৯ লোকসভা নিৰ্বাচনলৈ আৰু বেছি দিন নাই। ৰাজনৈতিক দলসমূহেও জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাই আছে।

পুনৰ অসমত নির্বাচনী প্রচাৰ চলাবলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মােদী। অহা ৭ এপ্ৰিলত বৰাক উপত্যকাৰ শিলচৰত প্রধানমন্ত্রী মােদীয়ে এখন নির্বাচনী সমাৱেশ সম্বােধন কৰিব।

দ্বিতীয় পর্যায়ত ভােটগ্রহণ হ'বলগীয়া শিলচৰ আৰু কৰিমগঞ্জ সমষ্টিৰ হৈ তেওঁ নির্বাচনী প্রচাৰ চলাব। ইপিনে, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি ৰাহুল গান্ধী অহা ৩ এপ্রিলত অসম ভ্ৰমণলৈ আহিব। সেই দিনা তেওঁ বােকাখাত আৰু লখিমপুৰত দুখন নির্বাচনী সমাৱেশত অংশগ্ৰহণ কৰিব।

প্রথম পর্যায়ত ভােটগ্রহণ হ’বলগীয়া পাঁচটা সমষ্টিৰ দলীয় প্রার্থীৰ হৈ তেওঁ বােকাখাত আৰু লখিমপুৰত নির্বাচনী প্রচাৰ চলাব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।