ফকিৰাগ্ৰামত যুৱকৰ সলিল সমাধি

 08/20/2019 - 14:33

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰামত সোমবাৰে সংঘটিত হয় এক সকাবহ ঘটনা৷ সোমবাৰে দুপৰীয়া নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে শ্যাম বাছফৰ নামৰ এজন ১৭ বছৰীয়া যুৱকৰ৷ জানিব পৰা মতে সোমবাৰে দুপৰীয়া ডেৰ মান বজাত পাঁচজনীয়া এটা যুৱকৰ দলে নদীত গা ধুবলৈ যায় আৰু গাধুই থাকোতে ইয়াৰে শ্যাম বাছফৰ(১৭) আৰু সঞ্জয় বাছফৰ(১৭) নামৰ দুজন যুৱক নৈৰ দ অংশত পৰি যায়৷

পিছত সঞ্জয় বাছফৰক স্থানীয় লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও উদ্ধাৰ কৰিব নোৱাৰে শ্যাম বাছফৰক৷ পিছত উক্ত ঘটনাৰ বিষয়ে ফকিৰাগ্ৰাম আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত এচ ডি আৰ এফ বাহিনী উপস্থিত হয় আৰু শ্যাম বাছফৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ মৃত যুৱকজনৰ ঘৰ ফকিৰাগ্ৰাম ঢোপেৰতল গাঁৱৰ বুলি জানিব পৰা গৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।