ৰাজ্যৰ শিক্ষা বিভাগৰ দুৰৱ্স্থা

 08/20/2019 - 15:04

কৰিমগঞ্জঃ কৰিমগঞ্জৰ এখন বিদ্যালয়ত শনিবাৰে দিনৰ 11 বজাৰ পৰা এজনো শিক্ষক পোৱা নগল। বিদ্যালয় খনৰ নাম চেৰুলভাগ মাৰেৰা এম ই স্কুল। উত্তৰকৰিমগঞ্জৰ শিক্ষা খণ্ডৰ অন্তৰ্গত এই বিদ্যালয় খনত এনেকৈ সদায় চলি থাকে বুলি অভিযোগ স্থানীয় ৰাইজ সকলৰ। কণমানি ছাত্ৰ-ছাত্ৰী বিলাকে কেমেৰা সন্মূখত অভিযোগ কৰি কয় শিক্ষা দান নচলে।

শিক্ষক সকল নিজৰ ইচ্ছা মতে স্কুলত আহে। শনিবাৰে স্থানীয় ৰাইজ সকলে ক্ষুদ্ধ হৈ উঠে। কথা হল উত্তৰকৰিমগঞ্জৰ চেৰুলভাগ মাৰেৰা এম ই স্কুল খনৰ এই ৰুপ শিক্ষা মন্ত্ৰীৰ চকুত পৰিব নে নাই তাক লৈ প্ৰশ্ন কৰিছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।